কলিয়াবৰ : বসন্তৰ পৰশেৰে মনমোহা প্ৰকৃতিৰ বুকুত এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে মধুৰ আলোড়ন । ৰাজ্যৰ চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোল-বাদনৰ কৰ্মশালা ।
বাদ পৰি ৰোৱা নাই কলিয়াবৰো ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে এতিয়া কলিয়াবৰৰ আকাশে-বতাহে গুঞ্জৰি উঠিছে ঢোল-পেঁপাৰ মাত । বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশুৰ লগতে গাভৰুসকল ।
কলিয়াবৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু কৰ্মশালা ৷ অভিজ্ঞ প্ৰশিক্ষকৰ নেতৃত্বত বিহুনাচৰ লগতে ঢোল বাদনৰ এই কৰ্মশালা আয়োজন কৰা হৈছে ৷ এই কৰ্মশালাত তিনি-শতাধিক যুৱতীৰ লগতে কণ-কণ শিশুৱেও অংশগ্ৰহণ কৰিছে ।
আয়োজকে কয়, ‘‘কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা । দহদিনীয়াকৈ আয়োজন কৰা 16 সংখ্যক এই বিহুৰ কৰ্মশালাত পাঁচ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ।’’
লগতে পঢ়ক : কণ্ঠশিল্পী গীতালি দেৱীৰ সংগীত যাত্ৰা: অভিনয়-নৃত্যৰ পৰা জুবিন গাৰ্গৰ সান্নিধ্যলৈ
লগতে পঢ়ক : জুবিন গাৰ্গে ন্যায় নাপালে আমাৰ ন্যায়ৰ প্ৰতি আস্থা, বিশ্বাস কমি যাব : বিহুৰাণী ৰাজশ্ৰী নাথ