Surprise Me!

মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰিছে: বদৰুদ্দিন আজমল

2026-04-07 0 Dailymotion

মঙলদৈ: সোমবাৰে দৰং জিলাৰ বেছিমাৰীত অনুষ্ঠিত হয় সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ এক বিশাল নিৰ্বাচনী গণ সমাৱেশ । দলগাঁও সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ সমৰ্থনত আয়োজিত এই বিশাল জনসভাত হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এআইইউডিএফৰ মুৰব্বী মৌলনা বদৰুদ্দিন আজমলে প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ চলায় ।  

ভাষণ প্ৰসংগত আজমলে মজিবুৰ ৰহমানক ভূয়সী প্ৰশংসা কৰি কয়, "মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰি দলগাঁও সমষ্টিত উন্নয়নৰ নতুন মাত্ৰা প্ৰদান কৰিছে । তেওঁৰ বলিষ্ঠ নেতৃত্বৰ বাবেই আজি দলগাঁৱৰ ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে ।"

লগতে এআইইউডিএফৰ কাৰ্যকাৰী সভাপতি আদিত্য লাংথাচাইও এই গণ সমাৱেশত অংশগ্ৰহণ কৰি কয়, "বিপুল ভোটৰ ব্যৱধানত মুজিবুৰ ৰহমান এইবাৰ দলগাঁও সমষ্টিত উৰ্ত্তীণ হ'ব । আমি এইবাৰ ২৫ খনতকৈও অধিক আসন লাভ কৰিম । কংগ্ৰেছক বহু দুৰ্বল দেখিছোঁ, বহু ঠাইত তেওঁলোকে ভাল প্ৰাৰ্থী দিব পৰা নাই । চৰকাৰ গঠনত কাক সমৰ্থন দিম সেয়া ৰিজাল্টৰ পিছতহে দেখা যাব ।"

লগতে পঢ়ক: যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেড়া: দিল্লীৰ ঘৰত আৰক্ষীৰ দল

কিয় হাতীৰ পৰা নামি হাতত ধৰিলে ? ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ মনৰ কথা