ৰঙিয়া: মঙলবাৰে বিয়লি পাঁচ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰঙিয়া বিধানসভা সমষ্টিত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ ৷ দুয়োপক্ষৰ প্ৰাৰ্থীসকলে সমৰ্থকক লগত লৈ ৰঙিয়া সমষ্টিত বাহিৰ কৰে বাইক ৰেলী ৷
ৰেলীৰ মাজতে বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই কয়, "এনডিএৰ সমৰ্থনত সমষ্টিটোৰ কেইবা সহস্ৰাধিক লোক আজি ওলাই আহিছে ৷ যুৱ প্ৰজন্মৰ বহু লোক আহিছে আজি । সকলোৰে মুখে মুখে এটাই কথা- আকৌ এবাৰ বিজেপিৰ চৰকাৰ ।"
ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে ৰঙিয়াৰ সোণেশ্বৰৰ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিশাল ৰেলী বাহিৰ কৰে ৷ ৰেলীৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী চৌধুৰীয়ে কয়, "মই ইয়াতে পঢ়া আৰু ইয়াতেই ডাঙৰ হোৱা ৷ গতিকে মই পঢ়া বিদ্যালয়খনৰ খেলপথাৰৰ পৰাই আজি ৰেলী আৰম্ভ কৰিছো ৷ মানুহৰ মৰম আৰু সঁহাৰি অভুতপূৰ্ব ৷ আশা কৰিছো নিশ্চয় জয়ী হ'ম ৷"
লগতে পঢ়ক:অসমৰ ৰাইজে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ বনাব : বৈজয়ন্ত পাণ্ডা