Surprise Me!

আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক

2026-04-08 0 Dailymotion

কলিয়াবৰ: বুধবাৰে কলিয়াবৰত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ধৰা পৰিল শিক্ষক ৷ নিৰ্বাচন বিধি উলংঘা কৰি প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল লেখনাথ শৰ্মা নামৰ এজন শিক্ষকৰ লগতে দুজন যুৱক ৷ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত সোণাৰী গাঁৱৰ মাজবস্তিত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ শিক্ষকগৰাকী প্ৰচাৰ চলাবলৈ অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনৰ ধৰি শিক্ষকগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ হৈ মুকলিকৈ প্ৰচাৰ চলাই থকাৰো অভিযোগ ৷

বুধবাৰে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাইজে বাহনসহ ধৰা পেলায় শিক্ষক গৰাকীক । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে শিক্ষা বিভাগে চৰকাৰৰ বিপক্ষে মন্তব্য কৰাৰ বাবে শাস্তিমূলক হিচাপে নিলম্বন কৰিছিল লেখনাথ শৰ্মাক। নিলম্বন কৰাৰ পাছতো শিক্ষা বিভাগক কোনো গুৰুত্ব নিদি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ সভা-সমিতিত প্ৰচাৰ চলাই আহিছিল ৷ 

লগতে পঢ়ক:নিৰ্বাচনৰ এদিন পূৰ্বে ঝাৰখণ্ডত বাবা বৈদ্যনাথক পূজা হিমন্ত বিশ্ব শৰ্মাৰ