ডিব্ৰুগড়: অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ প্ৰতিগৰাকী ভোটাৰলৈ শুভেচ্ছা জনাই লুৰীণজ্যোতি গগৈয়ে কয়, "এয়াই গণতন্ত্ৰৰ শক্তি ৷ আৰু ইয়াৰ যোগেদি বিগত সময়ছোৱাত যিধৰণৰ অন্যায়, যি ধৰণৰ জনবিৰোধী, গণবিৰোধী কাম-কাজত চৰকাৰখন লিপ্ত হৈছিল; জনগণৰ আশা-আকাংশা, মৌলিক বিষয়বোৰ, তেওঁলোকৰ খোৱা-বোৱা, শিক্ষা-স্বাস্থ্য, জীৱন-জীৱিকা, নোপোৱাৰ বেদনা সকলো কথাৰে আজি প্ৰতিফলন ঘটিব ৷ এইবাৰ ৰাইজে পৰিত্ৰাণ বিচাৰি ভোটাধিকাৰ সাব্যস্ত কৰিছে ।"
ইয়াৰ লগতে শাসকীয় দলটোৰ বিৰুদ্ধে ক্ষোভ উজাৰি গগৈয়ে কয়, "ভুৱা ভোটাৰ আৰু ভোট চুৰিৰ প্ৰসংগটো দেশত বহুদিন ধৰি চৰ্চা লাভ কৰি আহিছে ৷ কৰবাত ভোট কৰ্তন কৰা হৈছে যি ভোট বিজেপিৰ বিপক্ষে ৷ বাহিৰৰ পৰা গাড়ী-ৰে’লৰে মানুহ আনি ভোট দিয়াব বিচাৰিছে বিজেপিয়ে । বিহাৰ আৰু পশ্চিমবংগৰ পঞ্জীয়নকৃত নম্বৰ অসমত দপদপাই ফুৰিছে ৷ এইটো অত্যন্ত এটা ভয়াৱহ কথা ৷ গণতন্ত্ৰৰ প্ৰতি এয়া অশুভ সংকেট ৷ থলগিৰি, অসমীয়া, খিলঞ্জীয়াৰ প্ৰতি এয়া ভাবুকি ।"
খোৱাং সমষ্টিত এইবাৰ টকাৰ ৰাজনীতি শাসকীয় দলটোৱে কৰিছে বুলি অভিযাগ তুলি গগৈয়ে ধনবল, বাহুবল প্ৰয়োগ কৰিলেও ৰাইজ বিচলিত নহয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
লগতে পঢ়ক