মাজুলী: ৰাজ্যত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিকূল বতৰকো নেওচি মাজুলীৰ ভিন্ন ভোটকেন্দ্ৰলৈ হিলদল ভাঙি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে জনতা ৷ মাজুলীত ১৮৮ টা ভোটকেন্দ্ৰত ১,৪৫,৩৩১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য ৷ ইফালে মাজুলীত ১১.৩০ বজালৈ ভোটদান ৪৪.১৫ শতাংশ সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷
ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে কয়, "গণতান্ত্ৰিক দেশৰ বাবে আজি গৌৰৱৰ মুহূৰ্ত ৷ আজিৰ দিনটোতে ৰাইজে সিদ্ধান্ত ল'ব আগন্তু পাঁচ বছৰৰ বাবে কোনে ৰাজত্ব কৰিব ৷ এইবাৰ মাজুলীবাসীয়ে পৰিৱৰ্তন বিচাৰিছে ৷ সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহক ৷"
পেগুৱে লগতে কয়, "বহিঃৰাজ্যত কৰ্মৰত লোকেও গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণৰ বাবে ঘৰলৈ আহিছে ৷ তেওঁলেকে মাতৃভূমিৰ দায়িত্ব পালন কৰিবলৈ আহিছে ৷" উল্লেখ্য যে বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মাজতে সমষ্টিটোত তুমুল যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক:পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে : ভোটদানৰ পাছতে গৌৰৱ গগৈৰ এই মন্তব্য