Surprise Me!

বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই

2026-04-09 3 Dailymotion

গুৱাহাটী: ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ ৫৮ নং জ্যোতি বিদ্যাপীঠ প্রাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে কণ্ঠশিল্পী দীপলিনা ডেকাই । পোনপ্ৰথমবাৰৰ বাবে ডিমৰীয়া সমষ্টিৰ পৰা ভোটগ্ৰহণ কৰি ডেকাই কয়, "ডিমৰীয়া সমষ্টিবাসী হিচাপে যিবোৰ সমস্যা ব্যক্তিগতভাৱে দেখিছো; সেই সমস্যাবোৰ যিজনে সমাধান কৰিব বুলি ভাবিছো তেওঁকেই বিবেকেৰে ভোট দিছো ৷" 

গণতান্ত্ৰিক প্ৰক্ৰিয়াত মহিলা-যুৱ প্ৰজন্মৰ অংশগ্ৰহণ সম্পৰ্কত ডেকাই কয়, "যুৱ প্ৰজন্মৰ যিবোৰ সমস্যা আছে সেইবোৰ আচলতে প্ৰথমতে সমাধান হ’ব লাগে আৰু সেইবোৰৰ সমাধানৰ বাবে যুৱ প্ৰজন্মৰ ফালৰ পৰা নিৰ্ভীক কণ্ঠ বিধানসভালৈ যোৱাটো যথেষ্ট দৰকাৰী ৷ বিধানসভাৰ মজিয়াত মই বৰ্তমানতকৈ অধিক নাৰীকণ্ঠ থকাটো বিচাৰো ৷"

আজিৰ দিনটো ৰাইজৰ দায়িত্বৰ দিন বুলি উল্লেখ কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ডেকাই আহ্বান জনায় ৷

লগতে পঢ়ক

  • 4 মে’ত বিজয় উৎসৱ হ'ব : ভোটদান কৰি মাৰ্ঘেৰিটাই ক'লে
  • ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বিজেপি কৰ্মীৰ কি কাম ? টিঙিৰিতুলা দেৱব্ৰত শইকীয়া
  • সাধাৰণ ৰাইজৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজনৈতিক নেতাই