Surprise Me!

অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা ওলাই অহাটো গণতন্ত্ৰৰ শুভ লক্ষণ: এ কে ৰছিদ আলম

2026-04-09 6 Dailymotion

গোৱালপাৰা : গোৱালপাৰা পাহাৰহিংপাৰা প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰছিদ আলমে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থী আলমে কয়,"গোৱালপাৰা জিলাত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে ৷ এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ । নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ব্যাপক হাৰত ওলাই আহিছে জনতা ৷ গণতন্ত্ৰত ৰাইজেই ৰজা ৷ যিহেতু ভোটাৰ ৰাইজ অভিজ্ঞ, পূব গোৱালপাৰা বিধানসভা সমষ্টিত কাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিব সেয়া ভোটাৰ ৰাইজে সিদ্ধান্ত ল'ব ।"

ভোটাৰ ৰাইজক উদ্দেশ্যি তেওঁ পুনৰ কয় যে, অসমখনত সকলোৱে জাতিভেদ পৰিহাৰ কৰি সমিলমিলেৰে যাতে থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভোট প্ৰদান কৰিব লাগে ৷ উল্লেখ যে, গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিত ১.৩০ বজালৈ ৬৮.৩৫ শতাংশ ভোটাদান সম্পন্ন হৈছে ।

লগতে পঢ়ক:নিৰ্বাচনী আচৰণ ভংগ: কাৰ্বি আংলঙত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ভিডিঅ’ ভাইৰেল, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ