হাফলং : হাফলং সমষ্টিত বিজেপিৰ কৰ্মীয়ে ভোট ৰিগিং কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷ বিশেষকৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ দিহাংগী, হামৰি আৰু জিনামভেলি ভোটকেন্দ্ৰত বিজেপি কৰ্মীয়ে ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷
কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা গাৰ্লোছাই অভিযোগ কৰা অনুসৰি, দিহাংগীৰ ভোটকেন্দ্ৰত ২০-২৫ জনীয়া বিজেপি কৰ্মীয়ে প্ৰৱেশৰ চেষ্টা কৰে ৷ লগতে ভোটকেন্দ্ৰলৈ মোবাইল লৈ যোৱাত নিষেধাজ্ঞা থকা সত্বেও ভোটকেন্দ্ৰলৈ বিজেপি কৰ্মীয়ে মোবাইল লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী গাৰ্লোছাই ৷
সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী গাৰ্লোছাই জিলা নিৰ্বাচনী বিষয়ক লিখিত অভিযোগ দাখিল কৰিছে । লগতে যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰত ৰেগিং হৈছে সেই ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছো ৷
তেওঁ কয়,"বিজেপিত থকাৰ সময়ত ৰাইজৰ লগত মই কেতিয়া বিশ্বাসঘাতকতা কৰা নাই আমি বিধায়ক হিচাবে সদায় ৰাইজৰ বাবে কাম কৰি গৈছো ৷ এতিয়া কংগ্ৰেছ দলত থাকি ৰাইজৰ কাম কৰি যাম ৷"
লগতে পঢ়ক :ৰাজ্যৰ সবাতোকৈ ধনী প্ৰাৰ্থী কৌশিক ৰয়ৰ ভোটদান; বৰাকত বিভিন্ন সমষ্টিৰ বিভিন্ন প্ৰাৰ্থীৰ ভোটদান