নলবাৰী: বৃহস্পতিবাৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অসমৰ ১২৬ টা সমষ্টিত একক পৰ্যায়ত অনুষ্ঠিত হয় ভোটগ্ৰহণ । ৭২২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হ’ল ইভিএমত ৷ এতিয়া অপেক্ষা অহা ৪ মে’লৈ ৷ কিয়নো সেইদিনা ভোটগণনাৰ লগে ঘোষণা হ’ব এই নিৰ্বাচনৰ ফলাফল ৷
ৰাজ্যৰ আন জিলাৰ লগতে নলবাৰীতো ৰাইজে হিলদল ভাঙি ওলাই আহে ভোট দিবলৈ ৷ বৰ্তমানলৈকে সম্পূৰ্ণ পৰিসংখ্যা প্ৰকাশ পোৱা নাই যদিও আনুমানিক পৰিসংখ্যা মতে এইবাৰ নিৰ্বাচনত প্ৰায় ৮৪ শতাংশ ভোটদান হৈছে অসমত । পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ভোটদানৰ হাৰ । নলবাৰীৰ বৰভাগৰ পূৰ্ণকামদেৱ বালিকা প্ৰাথমিক বিদ্যালয়ৰ ২৭১ নং ভোটকেন্দ্ৰত ভোটদান কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।
বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ পূৰ্ণকামদেৱ বালিকা প্ৰাথমিক বিদ্যালয়ত দুপৰীয়া উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁৰ ভোট যুৱপ্ৰজন্মৰ সংস্থাপনৰ বাবে, অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে, অসমৰ আই মাতৃ , মহিলা শক্তিৰ স্বাৱলম্বনৰ বাবে উন্নয়নৰ পক্ষত প্ৰদান কৰে বুলি মন্তব্য কৰে ।
সাংবাদিকৰ আগত দিলীপ শইকীয়াই কয়, ‘‘এইবাৰ সমগ্ৰ অসমত যি ফলাফল হ’ব, সেয়া দেশৰ ৰাজনৈতিক ইতিহাসত NDA ৰ পক্ষত ঐতিহাসিক জনাদেশ হ’ব । আজিৰ ভোটদানৰ হাৰলৈ চাই NDA চৰকাৰ অনাৰ পৰিৱেশ দেখিবলৈ পাইছোঁ । কংগ্ৰেছে অসমত চৰকাৰ কৰিব নোৱাৰে । বাংলাদেশ অথবা পাকিস্তানতহে কংগ্ৰেছে চৰকাৰ কৰিব পাৰিব । তিনিলাখ অসমীয়া বিজেপিৰ পক্ষত আছে, কিন্তু তিনি গগৈহে একেলগ হৈ আছে ।’’
বৰক্ষেত্ৰী সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ কয়, "এইবাৰ বৰক্ষেত্ৰীত ফলাফল ভাল হ’ব । নাৰায়ণ ডেকাই বিপুল ভোটত জয়লাভ কৰিব, পূৰ্বতকৈ পৰিৱেশ সলনি হৈছে বৰক্ষেত্ৰীত ৷’’ টিহুত চন্দ্ৰমোহন পাটোৱাৰী প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি বুলি সোধাত শইকীয়াই কয় যে চন্দ্ৰমোহন পাটোৱাৰীক হৰুওৱাটো সহজ কথা নহয় ।
লগতে পঢ়ক:
বহিঃৰাজ্যৰ একাংশ লোকক কেন্দ্ৰ কৰি খোৱাঙত নিৰ্বাচনী হিংসা : ভাঙি-ছিঙি চূৰ্ণ-বিচূৰ্ণ বলেৰ’
পৱন খেড়া ‘পলৰীয়া’ : ভোট দি উঠিয়েই ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই