Surprise Me!

জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোৱে ভোটত প্ৰভাৱ পেলাইছে: চিপিআই(এমএল)ৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ সৰকাৰ

2026-04-09 5 Dailymotion

বিহালী: বৃহস্পতিবাৰে ৰাজ্যত সুকলমে সম্পন্ন হৈছে ভোটগ্ৰহণ ৷ সমান্তৰালভাৱে বিহালী বিধানসভা সমষ্টিতো পুৱাৰে পৰা ভোটধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাইজ । এইবাৰ বিহালীত তিনিকোণীয়া যুঁজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কাৰণ বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মুনিন্দ্ৰ দাসক আৰু বিৰোধী ঐক্যমঞ্চই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে চিপিআই(এমএল)ৰ জ্ঞানেন্দ্ৰ সৰকাৰক সমান্তৰালকৈ নিৰ্লীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছে অজয় সিনহাই ।

ভোটাধিকাৰ সাব্যস্ত কৰি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ সৰকাৰে কয়,"এইবাৰ বিহালীত আমাৰ জয় নিশ্চিত ৷ বিগত ৩০বছৰৰ অধিক সময় প্ৰশাসনিক বিষয়া হিচাপে কাম কৰি কোনো চেকা নলগাকৈ অৱসৰ গ্ৰহণ কৰিছে। যাৰ বাবে মোক বিধায়ক হিচাপে ৰাইজে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াব ।"

জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, "জুবিন গাৰ্গ ন্যায় প্ৰসংগটোৱে এইবাৰ যথেষ্ট প্ৰভাৱ পেলাব ৷"

লগতে পঢ়ক:বহিঃৰাজ্যৰ একাংশ লোকক কেন্দ্ৰ কৰি খোৱাঙত নিৰ্বাচনী হিংসা : ভাঙি-ছিঙি চূৰ্ণ-বিচূৰ্ণ বলেৰ’