জোনাই : মঙলবাৰে পুৱা জোনাইত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা ৷ জোনাইৰ চন্দ্ৰপুৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শোকাৱহ দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হয় ৷ ঘটনা অনুসৰি, জোনাইত কালুৱালা কোম্পানীৰ অধীনত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যৱহাৰ কৰা এখন এক্সকেভেটৰ টেইলাৰত উঠাবলৈ লওতেই বাগৰি পৰে ৷ ফলত এক্সকেভেটৰ চালকজন থিতাতে নিহত হয় । নিহত লোকজন ঝাৰখণ্ডৰ চুনু যাদৱ (২৫) বুলি জানিব পৰা গৈছে ।
ঘটনা সন্দৰ্ভত এজন লোকে কয়,"চুক্তি অনুসৰি এক্সকেভেটৰখন পথনিৰ্মাণকাৰী কোম্পেনীটোৱে ৰিলিজ কৰি দিছিলে ৷ সেয়ে এক্সকেভেটৰখন ঝাৰখণ্ডলৈ নিবলৈ টেইলাৰত উঠাইছিল ৷ কিন্তু কেনেকৈ টেইলাৰৰ পৰা এক্সকেভেটৰখন বাগৰি পৰিল গম পোৱা নগ'ল ৷ নিহত লোকজন এক্সকেভেটৰৰ চালক আছিল ৷"
ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: বৰপেটাত নগদ ধনসহ তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ