হাফলং: ব'হাগৰ পহিলা দিনাটোতে ডিমা হাছাও জিলাৰ মাইবাং বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ২ টা ঘৰ ভস্মীভূত হয় ৷ জানিব পৰা মতে, বুধবাৰে পুৱা ৫ মান বজাত ডিমা হাছাওৰ মাইবাং বজাৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা হয় ৷ যাৰ বাবে লক্ষাধিক মূল্যৰ সম্পত্তি ভস্মীভূত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ স্থানীয় লোকে অভিযোগ কৰা মতে, পুৱা পাঁচমান বজাত মাইবাং বজাৰত এই অগ্নিকাণ্ডৰ ঘটনা সংগঠিত হয় আৰু তেতিয়া কিছু ৰে'লযাত্ৰীয়ে জুই লগৰ বিষয়টো প্ৰত্যক্ষ কৰে ৷ তাৰ পাছতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷
ভুক্তভোগী এগৰাকী ব্যৱসায়ীয়ে কয়,"বিহু বুলি মঙলবাৰে সাত লাখ টকাৰ সামগ্ৰী দোকানত ভৰাইছিলো ৷ পূৰ্বৰে পৰা প্ৰায় ন লাখ টকাৰ সামগ্ৰী আছিল ৷ এতিয়া সকলো শেষ ৷"
আনহাতে এগৰাকী স্থনীয় লোকে কয়,"এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷ যাৰ বাবে আঠখনকৈ দোকান ভস্মীভূত হয় ৷"
লগতে পঢ়ক:ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক চৰমসীমা; ক্ষতিগ্ৰস্ত পৰিয়ালক ধন মোকলাই নিদিলে বন্ধ কৰিব নিৰ্মাণকাৰ্য