জোনাই : অসমৰ চৌপাশে এতিয়া বলিছে হেঁপাহৰ ৰঙালী বিহুৰ বা ৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে পালন কৰিছে ৰঙালী বিহু ৷ ইয়াৰে ব্যতিক্ৰম নহয় সোণোৱাল কছাৰীসকলো ৷ অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকলে উলহ-মালহেৰে হাইদাং হুঁচৰি মাৰি বিহু উদযাপন কৰিছে ৷
জোনাইৰ বলাইপাম, নাহৰণি, চেৰেণ সোণোৱাল, উদয়পুৰ সোণোৱাল কছাৰী গাঁৱৰ ঘৰে ঘৰে একেলগে মাৰিছে হাইদাং হুঁচৰি ৷ সোণোৱাল কছাৰী জনগোষ্ঠীৰ পুৰুষসকলে গাঁৱৰ প্ৰতিটো ঘৰত এডাল বাঁহ আৰু ঢোল, তাল লৈ হাইদাং হুচৰি মাৰিবলৈ প্ৰৱেশ কৰে ৷ তাৰ পিছত পৰম্পৰা নিয়ম অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰত পুতিলৈ প্ৰতিজনে হাতে হাতে লাঠী লৈ বাঁহত বজাই বজাই হাইদাং হুঁচৰি গাই আনন্দত মতলীয়া হৈ পৰে ৷
ইফালে গৃহস্থই হাইদাং হুঁচৰি দলৰ পৰা ঘৰৰ বা পৰিয়ালৰ মংগল কামনা কৰি শৰাইত পাণ, তামোল, গামোচা, অৰিহণা আগবঢ়াই সেৱা লৈ আশীৰ্বাদ বিচাৰে আৰু হাইদাং হুঁচৰি দলেও পৰিয়ালৰ সুখ-শান্তি, মংগল কামনাৰে আশীৰ্বাদ দিয়ে ।
উল্লেখ্য যে, হাইদাং হুঁচৰি অসমৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ এক অতি আপুৰুগীয়া আৰু পৰম্পৰাগত লোক-সাংস্কৃতিক অনুষ্ঠান, যি সাধাৰণতে ব’হাগ বিহুৰ সময়ত ঘৰে ঘৰে গৈ পৰিৱেশন কৰা হয় । এই গীত-নৃত্যত কেৱল পুৰুষসকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন
লগতে পঢ়ক : আজি নাঙল বিহু; যান্ত্ৰিকতাৰ ধামখুমীয়াতো কৃষি পৰম্পৰাক স্মৰণৰ এটা দিন