উত্তৰ গুৱাহাটী : নিশা হ'লেই ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে সংগীত শিল্পীসকলৰ সংগীতানুষ্ঠান ৷ কিন্তু প্ৰাণৰ শিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কালজয়ী গীতক বিকৃত ৰূপত মঞ্চত পৰিবেশন কৰি ইতিমধ্যে ৰোষত পৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ৷ জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাৰ পিছত অসমৰ ভিন্ন প্ৰান্তৰ বিহু কমিটীয়ে কণ্ঠশিল্পীগৰাকীৰ সৈতে চুক্তি বাতিল কৰিছে ৷
এইবাৰ উত্তৰ গুৱাহাটী অভয়পুৰ উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিয়ে বাতিল কৰিছে মৰ্মিতা মিত্ৰৰে হোৱা চুক্তি ৷ উল্লেখ্য যে, ২৪ এপ্ৰিলত সংগীতানুষ্ঠান পৰিবেশনৰ বাবে মৰ্মিতাৰে চুক্তি কৰিছিল উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিয়ে ৷ এই সন্দৰ্ভত শনিবাৰে আয়োজন কৰা এক সংবাদমেলৰ জৰিয়তে উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিৰ সদস্যই কয়, "প্ৰাণৰ শিল্পী তথা হাৰ্থথ্ৰব জুবিন গাৰ্গৰ কালজয়ী গীতক বিকৃত ৰূপত মঞ্চত পৰিবেশন কৰাৰ বাবে ৰাজ্যবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে মৰ্মিতাৰ বিৰুদ্ধে ৷ সেয়ে ৰাইজৰ মতামত লৈ উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিয়ে শিল্পীগৰাকীৰে হোৱা চুক্তি বাতিল কৰা হৈছে ৷"
লগতে পঢ়ক: মৰ্মিতা মৰসাহ ! থানাই থানাই পৰিছে এজাহাৰ, বহু বিহু কমিটীয়ে বাতিল কৰিলে কাৰ্যসূচী