Surprise Me!

৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন

2026-04-19 2 Dailymotion

মঙলদৈ : শনিবাৰে মঙলদৈৰ গান্ধী ময়দান বাকৰিত ৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দহটা মুকলি বিহুৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এই সন্দৰ্ভত বিহু উদযাপন সমিতিৰ সম্পাদক মানৱ প্ৰতিম দাসে কয়,"আজি মুকলি বিহু প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ২৭ টা বিহু দলে যোগদান কৰিছে । ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছো । দেওবাৰে বিভিন্ন সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । নিশালৈ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীতৰ শৰাই আগবঢ়াব ৷"

ইফালে মুকলি বিহু প্ৰতিযোগীতাত হাচতী বিহুৱা দলে প্ৰথম স্থান, ফ্ৰেণ্ডচিপ বিহুৱা দল দ্বিতীয় আৰু দৰঙী বিহুৱা দলে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত হাচতী বিহুৱা দলৰ এগৰাকী নাচনীয়ে প্ৰথম, ফ্ৰেণ্ডশ্বিপ বিহুৱা দলৰ এগৰাকী নাচনীয়ে দ্বিতীয় আৰু মৰিগাঁওৰ নাহৰ বিহুৱা দলৰ এগৰাকী নাচনীয়ে বিহু কুঁৱৰীত তৃতীয় স্থান লাভ কৰে ।

লগতে পঢ়ক:মাজুলীৰ সত্ৰীয়া গীত, নৃত্য, বাদ্য, ভাস্কৰ্য শিল্প-কলাৰ হ'ব বিশ্বমুখী যাত্ৰা