Surprise Me!

দহ হাজাৰ দৰ্শকৰ উপস্থিতিত উদযাপিত হ’ল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত মুকলি বিহু

2026-04-20 2 Dailymotion

চতিয়া : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰত দেওবাৰে বিহুৰ এক উলাহ-উদ্বীপনাময় পৰিৱেশ দেখা পোৱা গ’ল । অসমৰ মুকলি বিহুৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিচিত এই স্থানত দহ হাজাৰৰো অধিক লোকৰ উপস্থিতিত মুখৰিত হৈ পৰে আকাশ-বতাহ । 

বিয়লি ৫ বজাত বিশিষ্ট সমাজসেৱিকা ৰামেশ্বৰী হাজৰিকাই এই মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২০টা বিহুৱা দলে ইয়াত অংশগ্ৰহণ কৰি একেলগে বিহু প্ৰদৰ্শন কৰে । ডেকাৰ ঢোলৰ ছেৱত নাচনীয়ে হালি-জালি প্ৰদৰ্শন কৰা বিহুৱে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে । এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে সভাপতিত্ব কৰে আৰু মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অনিল শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

প্ৰতিযোগিতাৰ ফলাফল

বিয়লি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শেষত নিশা ফলাফলসমূহ ঘোষণা কৰা হয় । বঁটাপ্ৰাপকসকল হ’ল:

  • শ্ৰেষ্ঠ বিহু দল: ভৰলী পৰীয়া বিহুৱা দল (জামুগুৰিহাট)।
  • দ্বিতীয় শ্ৰেষ্ঠ দল: বিশ্বনাথ আঞ্চলিক বিহুৱা দল (বিশ্বনাথ চাৰিআলি)।
  • তৃতীয় শ্ৰেষ্ঠ দল: মন ব’হাগী বিহুৱা দল (চাৰিদুৱাৰ)।
  • শ্ৰেষ্ঠ বিহুৱা: লক্ষ্যজ্যোতি নাথ (ফ্ৰেণ্ডশ্বীপ ক্লাব)।
  • শ্ৰেষ্ঠ পেঁপা বাদক: নপুৰ ডেকা (ৰূপজ্যোতি বিহুৱা দল)।
  • শ্ৰেষ্ঠ ঢুলীয়া: মহেন্দ্ৰ মাঝি (লুইতপৰীয়া বিহুৱা দল)।
  • বিহু কুঁৱৰী: ৰিম্পী (অগ্নিশিখা বিহুৱা দল)।

ঐতিহ্যমণ্ডিত এই মুকলি বিহু উপভোগ কৰিবলৈ হাজাৰ হাজাৰ বিহুবলিয়া ৰাইজে নিশালৈকে বিহুতলীত ভিৰ কৰে ৷ 

লগতে পঢ়ক : ৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন