গুৱাহাটী: উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য খণ্ডত বিকাশ কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীত অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থইষ্ট । একুৱাক্স ইণ্ডিয়া, প্ৰগ্ৰেছিভ ফাৰ্মাৰ ট্ৰাষ্টৰ যুটীয়া উদ্যোগত আৰু ৰাষ্ট্ৰীয় মৎস্য উন্নয়ন পৰিষদৰ সহযোগত অহা ১২-১৩ জুনত দুদিনীয়া কাৰ্যসূচীৰে মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থইষ্ট ।
প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্ব অঞ্চলত অনুষ্ঠিত হ'বলগীয়া একুৱাক্স নৰ্থইষ্টত মীনপালকৰ উপৰি উদ্যোগপতি, প্ৰযুক্তি প্ৰদানকাৰী, প্ৰচেছিং , বিত্তীয় প্ৰতিষ্ঠান, বিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকল এক মঞ্চতে একত্ৰিত হ'ব । প্ৰদৰ্শনীখনৰ দুদিনত উত্তৰ-পূৰ্বাঞ্চলৰ মৎস্য খণ্ডৰ লগত জড়িত ৬-৮ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে উদ্যোক্তাসকলে ।
মঙলবাৰে গুৱাহাটীত সংবাদমেল সদৰী কৰি ৰাষ্ট্ৰীয় মৎস্য উন্নয়ন পৰিষদৰ সহকাৰী সঞ্চালক অসীম বৰাই কয়, "দুদিনীয়া কাৰ্যসূচীৰে একুৱাক্স নৰ্থইষ্ট প্ৰদৰ্শনীখনৰ আয়োজন কৰা হৈছে । মাছমৰীয়া, মীন পালকৰ লগতে মীন খণ্ডৰ লগত জড়িত সকলো লোকে মাছৰ খাদ্য , মাছৰ পোনা, উন্নতমানৰ প্ৰযুক্তি আদি সকলোবোৰ বিষয় যাতে এখন মঞ্চৰ জৰিয়তে পাব পাৰে তাৰবাবে প্ৰদৰ্শনী আয়োজন কৰা হৈছে । দুদিনীয়া প্ৰযুক্তিগত কৰ্মশালাত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ মীন খণ্ডৰ বিকাশৰ বাবে গৱেষণা প্ৰতিষ্ঠান, বিজ্ঞানীসকল থাকিব আৰু সফল মীন ব্যৱসায়ী, মীন বিষয়াসকল উপস্থিত থাকিব । উন্নতমানৰ মাছৰ পোনা উৎপাদনৰ পৰা মাছ বজাৰমুখী কৰা আৰু বহিঃৰাজ্যলৈ ৰপ্তানি কৰাৰ লগতে মীন খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰো সেই উদ্দেশ্যে আগত ৰাখি এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে ।"
লগতে পঢ়ক:সৰুপথাৰত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
কোনে কয় গুৱাহাটী স্মাৰ্ট চিটী ? এৰাতিৰ বৰষুণতে নাঙঠ হৈ গ'ল উৰণসেতুৰ মহানগৰী