Surprise Me!

সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু

2026-04-23 2 Dailymotion

ডিব্ৰুগড় : চৰাইদেউ জিলাৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । নিশা সংঘটিত এই অগ্নিকাণ্ডত এটি শিশু জীৱন্তে অগ্নিদগ্ধ হয় । মৃত ৫ বছৰীয়া শিশুটি বিজয় সোণাৰৰ পুত্ৰ ৰাজ সোণাৰ বুলি জানিব পৰা গৈছে । নিশা এই অগ্নিকাণ্ডত দুটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি যায় । সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ ক'ৰ্ট কলনীৰ সন্মুখত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় । ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা দুয়োটা বাসগৃহত ভাড়াতীয়া হিচাপে দুটা পৰিয়াল আছিল । কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে শোক ছাঁ পৰিছে ।

সমগ্ৰ ঘটনাটোক লৈ ভাড়াঘৰৰ মালিকে কয়, "আমাৰে ভাড়াঘৰ আছিল । ইয়াত দুটা পৰিয়াল আছিল । ঘৰৰ ভিতৰত ৫ বছৰীয়া এটি শিশু আছিল । শিশুটি জ্বলি শেষ হৈ গৈছে । কি কাৰণে জুই জ্বলিলে সেই কথা জানিব পৰা নাই ।"  

লগতে পঢ়ক :

স্নানাগাৰত নিথৰ হৈ পৰি ৰ’ল পত্নীসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃতদেহ