Surprise Me!

কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ

2026-04-25 5 Dailymotion

নগাঁও: নগাঁও জিলাৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত ডকাইতিৰ ঘটনাত জড়িতসকলক আৰক্ষীয়ে অতি শীঘ্ৰে কৰায়ত্ব কৰিব । ইতিমধ্য়ে এই ঘটনাৰে জড়িতসকলক চিনাক্ত কৰা বুলি উল্লেখ কৰিছে অসম আৰক্ষীৰ মধ্য মণ্ডলৰ আইজিপি জি ভি শিৱপ্ৰসাদে ।

শুকুৰবাৰে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ ঘটনাস্থলীত উপস্থিত আইজিপি জি ভি শিৱপ্ৰসাদে এই বিষয়ে সংবাদ মাধ্য়মৰ আগত কয়, "ইতিমধ্যেই ঘটনাৰ যথেষ্ট ক্লু লাভ কৰিছে আৰক্ষীয়ে । অতি শীঘ্ৰে ঘটনাৰ সৈতে জড়িতসকল জালত পৰিব । এইলোকসকলে নিজৰ পৰিচয় লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তথ্য় লাভ কৰিছে ।" কোনো চিনাকি লোকে পৰিকল্পিতভাৱে এই ঘটনাটো সংঘটিত কৰিব পাৰে বুলি মন্তব্য় কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ।

উল্লেখ্য় যে যোৱা বৃহস্পতিবাৰে নিশা নগাঁৱৰ  মৰিকলঙৰ এগৰাকী চিকিৎসকৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতিকাণ্ড । চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা ডকাইতে লুটপাত চলায় । ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী । 

লগতে পঢ়ক:নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ

ডকাইতি কৰিবলৈ আহি গণৰোষত ডকাইতৰ দল: গণপ্ৰহাৰত মৃত্যু ৩ ডকাইতৰ