Surprise Me!

১০০ শতাংশ উত্তীৰ্ণৰে বৰপেটালৈ সুনাম কঢ়িয়াই আনিলে কৰ্ণেল গুৰু প্ৰসাদ দাস একাডেমীয়ে

2026-04-28 8 Dailymotion

বৰপেটা : বৰপেটাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কৰ্ণেল গুৰুপ্ৰসাদ দাস একাডেমীয়ে মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ।‌ ২০২৪ চনত স্থাপিত শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ প্ৰথমবাৰলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ কলা আৰু বিজ্ঞান শাখাৰ ১৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইয়ে উৎকৃষ্ট ফলাফলেৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ।‌

উত্তীৰ্ণসকলৰ ভিতৰৰ ১৭ গৰাকীয়ে ডিষ্টিংচন আৰু ৬১ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।‌ শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ৭৭ গৰাকীয়ে আৰু কলা শাখাত ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।‌ বিজ্ঞান শাখাৰ ১৩ গৰাকীয়ে ডিষ্টিংচন আৰু ৪৩ গৰকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে । একেদৰে কলা শাখাত চাৰিগৰাকীয়ে ডিষ্টিংচন আৰু ১৮ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে ।‌ 

শিক্ষানুষ্ঠানখনৰ আন আন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় । কৰ্ণেল গুৰুপ্ৰসাদ দাস একাডেমীৰ অধ্যক্ষ ৰিদীপ দাসে এই ফলাফলৰ সন্দৰ্ভত কয়, "ছাত্ৰ-ছাত্ৰীৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাৰ ফলতে প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈয়েই শিক্ষানুষ্ঠানখনে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ।" উল্লেখ্য যে ৰসায়ন বিজ্ঞানত শ্ৰেয়া শৰ্মাই ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । আনহাতে হেনাস্মীতা দাসে এনথ্ৰপ'লজি বিষয়ত ৯৮ নম্বৰ লাভ কৰে ৷

লগতে পঢ়ক : বিজ্ঞান শাখাত ৯২ শতাংশ নম্বৰ লাভেৰে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়ালে ডেভিদ বৰদলৈয়ে

কলা আৰু বাণিজ্য শাখাত ১০০% উত্তীৰ্ণৰে উজলিল নলবাৰীৰ শংকৰদেৱ একাডেমী

কামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নিগ্ধ পৰাণ শইকীয়াই: ৰসায়নবিদ্যাত ১০০ নম্বৰ লাভ