Surprise Me!

কবিতা আবৃত্তি-গ্ৰন্থ অধ্যয়নত ৰাপ থকা নিয়ৰকণাৰ লক্ষ্য অধ্যাপক হোৱাৰ

2026-04-28 49 Dailymotion

সৰুপথাৰ : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰুপথাৰলৈ গৌৰৱ কঢ়িয়ালে নিয়ৰকণা ঢেকিয়াল ফুকনে । সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰণৱ ঢেকিয়াল ফুকন আৰু শিক্ষয়িত্ৰী শেৱালি গগৈৰ কন্যা নিয়ৰকণা ঢেকিয়াল ফুকনে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সদ্যঘোষিত ফলাফলত কলা শাখাত ৯৬.২% নম্বৰেৰে উত্তীৰ্ণ হয় ।

নিয়ৰকণা ঢেকিয়াল ফুকনৰ এই অভূতপূৰ্ব সাফল্য সৰুপথাৰ সমজিলাৰ বাবে নিশ্চয়কৈ অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয় । ৯৬.২% শতাংশ নম্বৰ লাভ কৰাটো তেওঁৰ কঠোৰ অধ্যৱসায় আৰু একাগ্ৰতাৰেই ফলশ্ৰুতি । তেওঁৰ এই কৃতিত্বই কেৱল সৰুপথাৰ অঞ্চললৈকে নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবেও এক প্ৰেৰণা ।

ইফালে নিয়ৰকণাৰ এই অভূতপূৰ্ব সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ সৰুপথাৰ অঞ্চলত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে । অঞ্চলটোৰ ৰাইজে তেওঁৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে ।

আনহাতে, নিজৰ সফলতাৰ আঁৰত তেওঁৰ অভিভাৱকৰ পথ প্ৰদৰ্শন আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ কথা ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।  

উল্লেখ্য যে শৈশৱৰে পৰা কবিতা আবৃত্তি, গ্ৰন্থ অধ্যয়নত বিশেষ ৰুচি থকা নিয়ৰকণাই ভৱিষ্যতে এগৰাকী আদৰ্শ অধ্যাপক হোৱাৰ লক্ষ্য বান্ধি লৈছে । জ্ঞান অন্বেষণৰ প্ৰতি থকা তেওঁৰ এই ধাউতিয়ে তেওঁক লক্ষ্যপ্ৰাপ্তিত সহায় কৰিব বুলি পৰিয়ালবৰ্গই আশা প্ৰকাশ কৰিছে । নিয়ৰকণাৰ এই যাত্ৰাই অঞ্চলটোৰ অন্যান্য শিক্ষাৰ্থীসকলকো যথেষ্ট উৎসাহিত কৰি তুলিছে ।

লগতে পঢ়ক :এফালে পিতৃৰ দহা, আনফালে ফলাফল : ৭৬ শতাংশ নম্বৰৰে উজলিল চয়নিকা