সৰুপথাৰ : মঙলবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ৷ সৰুপথাৰ সমজিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ চমকপ্ৰদ সফলতা ৷ বিশেষকৈ সৰুপথাৰৰ পি এম শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ঈৰ্ষণীয় সফলতা ৷ বিদ্যালয়খনৰ বিজ্ঞান শাখাত ১০০ শতাংশ, কলা শাখাত ৯৬.৩১ শতাংশ, বৃত্তিমূলক পাঠ্যক্ৰমত ৮৫.৭১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷
বিদ্যালয়খনৰ পৰা আটাইকেইটা বিভাগৰ পৰা সৰ্বমুঠ ১১৯ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ১২৯ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত, তৃতীয় বিভাগত ৫৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইফালে কলা শাখাৰ ছাত্ৰী তুষা চুতীয়াই লাভ কৰিছে ৯০ শতাংশ ।
এই সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ মিতালী বড়াই কয়, "পি এম শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিধৰণে পাঠদান কৰা হৈছিল সেইধৰণেৰে ছাত্ৰ-ছাত্ৰীয়ে ফলাফল কৰিছে । অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱস্থাৰ কথা সকলোৱে কৈ থাকে কিন্তু আমাৰ বিদ্যালয়ৰ সেইটো হোৱা নাই । সাফল্যৰ বাবে এই প্ৰচেষ্টা অব্যাহত থাকিব । অধ্যক্ষ হিচাপে মই ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ দিশটো সদায় গুৰুত্ব দিবলৈ চেষ্টা কৰো । সেইকাৰণেই আজি এই সফলতা বুলি ভাৱিছো ।"
লগতে পঢ়ক:ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চেৰ পেলাই উজলিছে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থী