Surprise Me!

সমাজকৰ্মী দ্বীপেন দত্তক 'ধনশিৰি উপত্যকা বঁটা' প্ৰদান গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ

2026-04-29 9 Dailymotion

গোলাঘাট : মঙলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৫ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী আৰম্ভ হয় । বিভিন্ন জাতি-জনগোষ্ঠীৰ বিশাল সমাৱেশেৰে মিলনভূমিত পৰিণত হয় গোলাঘাট নগৰৰ ৰাজহুৱা খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰ । পুৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱা পাছতে বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ।

উদ্বোধনী ভাষণত আছুৰ নেতাগৰাকীয়ে কয় যে, অসমীয়া জাতিক অধিক শক্তিশালী কৰাৰ বাবে এই বিহুতে আমি পণ ল'ব লাগিব । এটা জাতিৰ স্বকীয় পৰিচয় হৈছে ভাষা, সাহিত্য আৰু সংস্কৃতি । অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিক শক্তিশালী ৰূপেৰে আগুৱাই নিলেহে অসমীয়া জাতি শক্তিশালী হ'ব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ সাংবাদিক, সমাজকৰ্মী দ্বীপেন দত্তক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে 'ধনশিৰি উপত্যকা বঁটা' প্ৰদান কৰা হয় । 

লগতে পঢ়ক:বিজ্ঞান শাখাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিল সৰুপথাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়