তেজপুৰ: শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ নির্বাচনৰ ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে ৷ এই কথা জনাইছে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাসে । এইবাৰ ভোটগণনাৰ বাবে দৰং মহাবিদ্যালয়ত ৫টা গণনা কক্ষৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো কক্ষত ১৪খনকৈ গণনা টেবুল স্থাপন কৰা হৈছে আৰু লগতে এখন আৰ অ’ টেবুল থাকিব ।
তেজপুৰ, নদুৱাৰ আৰু ঢেকীয়াজুলি সমষ্টিৰ বাবে দৰং কলেজ আৰু ক’মাৰ্চ কলেজত এই ব্যৱস্থা কৰা হৈছে । প'ষ্টেল বেলটৰ গণনাৰ বাবে পৃথক হল নিৰ্দিষ্ট কৰা হৈছে, য’ত প্ৰত্যেক ৰাজনৈতিক দলৰ এজেণ্ট উপস্থিত থাকিব । প্ৰতিখন টেবুলত এজন গণনা পৰীক্ষক, এজন সহকাৰী আৰু এজন মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োজিত থাকিব । মুঠ ৪৪৭ জন গণনা কৰ্মচাৰী নিয়োগ কৰা হৈছে । পুৱা ৬:৩০ বজাৰ পৰা ৭ বজাৰ ভিতৰত ৰাজনৈতিক দলসমূহৰ উপস্থিতিত ষ্ট্ৰং ৰূম খোলা হ’ব । তাৰ পাছত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব ।
প্ৰথমে প'ষ্টেল বেলট গণনা আৰম্ভ হ’ব আৰু তাৰ ১৫–৩০ মিনিট পাছত ইভিএম গণনা আৰম্ভ কৰা হ’ব । গণনা প্ৰক্ৰিয়া দুপৰীয়া ১:৩০ বজাৰ পৰা ২ বজাৰ ভিতৰত সম্পন্ন হ’ব বুলি আশা কৰা হৈছে । আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত হ’ব পাৰে বুলি জিলা আয়ুক্তগৰাকীয়ে সদৰী কৰে ।
লগতে পঢ়ক: ফালফলৰ পাছত বিৰোধীয়ে ইভিএমক দোষাৰোপ কৰিব: ৰূপক শৰ্মা - ASSAM ASSEMBLY ELECTION 2026
ভোটগণনালৈ সাজু বাক্সা জিলা প্ৰশাসন - ASSAM ASSEMBLY ELECTIONS 2026