ধুবুৰী : আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস । প্ৰতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, বিশ্বত সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ।
উল্লেখ্য যে এইবৰ্ষৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ শ্ল'গান হ'ল 'শান্তিৰ পৃষ্ঠভূমিৰ বাবে নিৰ্ধাৰিত ৰূপৰেখা প্ৰস্তুত কৰা '। এই শ্ল'গানৰ জৰিয়তে মানৱাধিকাৰ, উন্নয়ন, নিৰাপত্তা, অত্যাধিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ বাবে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক উৎসাহিত কৰিব বিচৰা হৈছে ।
এই দিৱস উপলক্ষে ধুবুৰীৰ একাংশ জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বক স্মৰণ কৰি গণতন্ত্ৰক সুদৃঢ় কৰাত সংবাদ মাধ্যমৰ গুৰত্ব অধিক বুলি কয় ।
এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক প্ৰণৱাশীষ ৰয়ে কয়, "আজি এক শুভ দিন । সংবাদ মাধ্য়মক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়; কিন্তু কৰ্মৰত সাংবাদিকৰ ওপৰত যিদৰে আক্ৰমণ চলি আছে । এতিয়া বাক স্বাধীনতা নোহোৱা হৈছে । সেইবাবে আমি চিন্তাত থাকিবলগীয়া হৈছে । "
লগতে পঢ়ক: পৰিচয় পত্ৰ অবিহনে গৌৰীপুৰৰ ষ্ট্ৰং ৰূম চৌহদত প্ৰৱেশ অচিনাক্ত যুৱকৰ
শ্ৰমিক দিৱসৰ বিড়ম্বনা: কামলৈ নোযোৱাৰ বাবে শ্ৰমিকক মজুৰি নিদিয়ে মেনেজাৰ সুৰেন্দ্ৰই