Surprise Me!

পুৱা ৮ বজাৰ পৰা ভোটগণনা; কেনেদৰে সাজু হৈছে ধেমাজি জিলা প্ৰশাসন ?

2026-05-03 0 Dailymotion

ধেমাজি: ৪ মে' অৰ্থাৎ সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ইতিমধ্যে প্ৰতিখন জিলাৰে ভোটগণনা কেন্দ্ৰবোৰ সাজু কৰা হৈছে । ধেমাজি মহাবিদ্যালয় চৌহদত ধেমাজি জিলাৰ ৩ টা সমষ্টিৰে ভোটগণনা অনুষ্ঠিত হ'ব । মহাবিদ্যালয় চৌহদৰ ভোটগণনা কেন্দ্ৰত স্থাপন কৰা ৩ টা গণনা কক্ষত একে সময়তে জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে ধেমাজি, চিচিবৰগাঁও আৰু জোনাইৰ ভোটগণনা কৰা হ'ব ৷ প্ৰতিটো গণনা কক্ষতে ১৪ খনকৈ টেবুল থাকিব । প্ৰথমে প'ষ্টেল বেলটৰ ভোটগণনা হ'ব । ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ বাবে প্ৰায় ১৭ টা ৰাউণ্ডত ভোটগণনা হোৱাৰ বিপৰীতে জোনাই সমষ্টিৰ বাবে প্ৰায় ২১ টা ৰাউণ্ডত ভোটগণনা হ'ব ৷

ভোটগণনা প্ৰক্ৰিয়াত সহস্ৰাধিক গণনাকাৰী বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী জড়িত হ'ব বুলি জনাইছে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে ৷ তেওঁ কয়, "আমাৰ ধেমাজিৰ নিৰ্বাচনী জিলাত ৩ টা বিধানসভা সমষ্টি আছে ৷ পোষ্টেল বেলট গণনাৰ বাবে সমষ্টি অনুসৰি ৩ টা পৃথক কোঠা আছে । তাৰ পিছতে ইভিএম গণনা হ'ব । প্ৰায় ৫ বজাৰ ভিতৰত আমি গণনা সম্পূৰ্ণ কৰাৰ আশা কৰিছোঁ ।"

লগতে পঢ়ক :

৪ মে'ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা : সাজু শিৱসাগৰ জিলা প্ৰশাসন