Surprise Me!

সপ্তমবাৰলৈ দুৰ্গ অক্ষত : হাঁহিমুখে সমৰ্থকৰ মাজত জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰী

2026-05-04 2 Dailymotion

নলবাৰী: এবাৰ নহয়, দুবাৰ নহয়, সাতবাৰকৈ বিধায়ক পদৰ বাবে নিৰ্বাচিত জ্যেষ্ঠ ৰাজনীতিক চন্দ্ৰমোহন পাটোৱাৰী ৷ বিধানসভা নিৰ্বাচনত সপ্তমবাৰলৈ বিজয়ীৰ হাঁহি মাৰিলে টিহু সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

১৯৮৫ চনৰে পৰা অসমৰ ৰাজনীতিৰ পথাৰখনত দপদপাই আছে এইগৰাকী জ্যেষ্ঠ নেতা । বিধানসভা নিৰ্বাচনত মাত্ৰ দুবাৰহে পৰাজয়ৰ সন্মুখীন হৈছিল পাটোৱাৰী ৷ এইবেলি নিৰ্বাচনত ২৬,৪৯৬ টা ভোটৰ ব্যৱধানত নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীক পৰাজিত কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে মুঠ ১,০০,৮৫৫ টা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে লাভ কৰে ৭৪,৩৫৯ টা ভোট ।

নিৰ্বাচনী ফলাফল লাভৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জনাই চন্দ্ৰমোহন পাটোৱাৰীয়ে । নিজৰ লগতে নলবাৰীৰ আন দুটা সমষ্টিতো বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰাত আনন্দ প্ৰকাশ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ।

লগতে পঢ়ক: দিগন্ত বৰ্মন পৰাজিত: বৰক্ষেত্ৰীত ফুলিল পদুম