Surprise Me!

বিপুল ভোটত তৃতীয়বাৰলৈ নলবাৰী সমষ্টিৰ পৰা বিজয়ৰ হাঁহি মাৰিলে জয়ন্ত মল্লবৰুৱাই

2026-05-05 3 Dailymotion

নলবাৰী: নলবাৰীত বৈছে আনন্দৰ বন্যা ৷ তৃতীয়বাৰলৈ নলবাৰী সমষ্টিৰ পৰা জয়ী হ’ল জয়ন্ত মল্লবৰুৱা । ৬০,১০১ টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । এইবাৰ নিৰ্বাচনত জয়ন্ত মল্লবৰুৱাই মুঠ ১,১৮,৬১১ টা ভোট লাভ কৰে । আনহাতে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই ৫৮,৫১০ টা ভোট লাভ কৰে ।

জয়ী হৈ সমষ্টিবাসীক জয়ন্ত মল্লবৰুৱাই ধন্যবাদ জনায় ৷ তেওঁ কয়, ‘‘আকৌ এবাৰ ৰাইজৰ সেৱা কৰিবলৈ সুযোগ দিয়া বাবে আন্তৰিক কৃতজ্ঞতা জনাইছো । নলবাৰী সমষ্টিৰ উন্নয়ন আৰু অধিক ক্ষীপ্ৰতাৰে আগুৱাই নিবলৈ চেষ্টা কৰিবম ৷ পূৰ্বতকৈ মোৰ দায়িত্ব আৰু বৃদ্ধি পালে ৷’’

গৌৰৱ গগৈৰ পৰাস্ত সন্দৰ্ভত তেওঁ কয়, ‘‘পাকিস্তানৰ প্ৰেমত থাকিলে এনেকুৱা হ’বই ৷ আজি কংগ্ৰেছৰ এজনো হিন্দু মানুহ জয়ী হ’ব নোৱাৰিলে ৷ দলটোৰ বাবে এয়া কিমান দুৰ্ভাগ্যজনক ৷’’

লগতে পঢ়ক : বিৰোধী ঐক্যমঞ্চৰ সন্মান ৰক্ষা কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে

লগতে পঢ়ক : মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ বৃহৎ ব্যৱধানত জয়লাভ