শিলচৰ : এক গোপন সূত্ৰৰ পমখেদি কাছাৰ জিলা আৰক্ষীয়ে বুধবাৰে শিলচৰ চহৰৰ ওচৰৰ ৰামনগৰ অঞ্চলত এক বিশেষ তালাচী অভিযান চলায় । এই অভিযানত উদ্ধাৰ হয় অবৈধ আগ্নেয়াস্ত্ৰ আৰু এটা গ্ৰেণেড । ৰামনগৰৰ এফ চি আই ৰোড সংলগ্ন এটা ঘৰত এই অভিযান চলোৱা হয় ।
বৃহস্পতিবাৰে শিলচৰত এক সংবাদমেলযোগে কাছাৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) ৰজত কুমাৰ পালে জনায়, "লক্ষীপুৰ আৰক্ষী থানাত ৰুজু কৰা ৬৪/২০২৬ নং এটা গোচৰৰ তদন্তৰ অধীনত এই অভিযান চলোৱা হয় । এই সন্দৰ্ভত বিএনএছৰ ৩০৮(৪) ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫(১)(ক) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা দুজন হৈছে লাইশ্ৰম টিকেন মেইতেই আৰু মনালিছা চানু ।"
তেওঁ লগতে কয় যে প্ৰাথমিক তদন্ত অনুসৰি উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ যোগাযোগ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ উৎস আৰু ইয়াৰ লগতে বৃহত্তৰ কোনো চক্ৰ জড়িত হৈ আছে নেকি সেই কথা জানিবলৈ আটকাধীন দুজনক সোধা-পোছা কৰা হৈছে বুলি এএছপি পালে কয় ।
লগতে পঢ়ক :হোমৰ গুৰিত নহয়, মৃত্যুৰ শীতল কোলাত শিৰত সেন্দূৰ পিন্ধাই বিদায় দিলে প্ৰিয়তমাক