ধেমাজি: বৃহত্তৰ উত্তৰ-ধেমাজিয়ে পালে এজন চিকিৎসক ৷ কঠোৰ সংগ্ৰামৰ মাজেৰে অৰ্জন কৰিলে এই কৃতিত্ব । চিকিৎসা বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কিশোৰ চিন্তেক লৈ গাঁওবাসীৰ মাজত আনন্দৰ ঢল ৷ ঢোলে-দগৰে নাচি-বাগি শোভাযাত্ৰা কৰি ঘৰলৈ আদৰি আনে গাঁওবাসীয়ে ৷
শুকুৰবাৰে প্ৰখৰ ৰ’দকো নেওচি এক কিঃমিঃ পথৰে শোভাযাত্ৰা কৰে মেধাবী ছাত্ৰজনক লৈ ৷ গাঁৱৰ পদূলিয়ে পদূলিয়ে পিন্ধায় গামোচা ৷ ইয়াৰ পিছতে কিশোৰ চিন্তেৰ বাসগৃহত ভোগেশ্বৰ চিন্তেই আঁত ধৰা সম্বৰ্ধনা সভাত গাওঁবাসীয়ে এখন অভিনন্দন পত্ৰ, ফুলাম গামোচা, চেলেং আদিৰে সন্মান জনোৱা হয় ৷
অভাৱে কোঙা কৰা স্বত্বেও পিতৃ পদ্মধৰ চিন্তে আৰু মাতৃ ললিতা টাৱ চিন্তেই অশেষ কষ্ট কৰি পুত্ৰক মানুহ কৰা বাবে প্ৰয়োজনীয় সকলোখিনি যোগাৰ কৰি দিছিল ৷ অৱশেষত পোৰা সোণ হৈ জিলিকিল ল’ৰাজন ৷
চিকিৎসক কিশোৰ চিন্তেয়ে এই সন্দৰ্ভত কয়,"মোৰ এই ফলাফলৰ আঁৰত, মোৰই অকল কষ্ট বুলি নাভাৱোঁ । মোৰ পিছফালে মা-দেউতা, ভন্টি, মোৰ গাঁওবাসী আৰু ঘৰৰ সম্পৰ্কীয় সকলো মানুহৰ আশীৰ্বাদ আছে ৷" অসমৰ মুঠ ১,২০১জন ছাত্ৰ-ছাত্ৰীৰ মাজত ৫৬০ নং স্থান দখল কৰি গাঁওখনৰ বৃহত্তৰ উত্তৰ ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনে চিকিৎসকগৰাকীয়ে ৷
লগতে পঢ়ক: এখন বিদ্যালয়ত অনুষ্ঠিত হৈছে নিৰ্বাচন, প্ৰাৰ্থিত্ব আগবঢ়াইছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে
কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাৰ অমোঘ অস্ত্ৰ-মানসিক শক্তি আৰু আত্মবিশ্বাস