ধুবুৰী: ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ । গেছ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গমণ হোৱাক লৈ স্থানীয় ৰাইজৰ মাজত লাগে হুৱাদুৱা । অগ্নিনিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপে ৰাইজক দিলে সকাহ । মঙলবাৰে বিয়লি ভাগত অঞ্চলটোৰ ৰঞ্জিত দাস নামৰ এজন লোকৰ ঘৰত এটি অনুষ্ঠানৰ আয়োজন চলি থকাৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গমণ হৈ প্ৰচণ্ড শব্দ হোৱাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ ।
লগে লগে উপস্থিত ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰাত তৎক্ষণাত অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গেছ নিৰ্গমণ ৰোধ কৰিবলৈ সক্ষম হয় । এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অনুষ্ঠানটোত উপস্থিত থকা ৰাইজ । ঘটনা সন্দৰ্ভত ধুবুৰীৰ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে কয়, "গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গমণ হৈ জুই ওলোৱাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলে গেছ নিৰ্গমণ ৰোধ কৰে ।"
লগতে পঢ়ক: চমকৰ বিপৰীতে শিক্ষাখণ্ডৰ শোচনীয় ছবি: দেশৰ ভিতৰতেই আধাতে বিদ্যালয় এৰাৰ হাৰ সৰ্বাধিক অসমত
জোনাইত কালভাৰ্ট নিৰ্মাণৰ নামত এমাহ ধৰি পথ বন্ধ, ৰাইজৰ হাহাকাৰ