শিৱসাগৰ: শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃৰ মঙলবাৰে দুপৰীয়া মৃত্যু হয় । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিবলৈ লওঁতেই তেওঁৰ চৰকাৰী আৱাসত চিকিৎসা গ্ৰহণ কৰি থকা মাতৃৰ মৃত্যু হয় ।
উল্লেখ্য যে তেওঁৰ মাতৃ বিজয়া চেতিয়াই ইতিমধ্যে তেওঁৰ চকুযুৰি দান কৰি থৈছিল । সেয়ে মৃত্যুৰ পিছত যোৰহাটৰ পৰা জেউতি আই বেংক কৰ্তৃপক্ষৰ পৰা লোক আহি প্ৰয়াত বিজয়া চেতিয়াৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে ।
এই সন্দৰ্ভত জেউতি আই বেংকৰ বিষয়ববীয়াই কয়, "মই যোৰহাট জেউতি আই বেংকৰ পৰা আহিছোঁ । মোক শিৱসাগৰৰ খেমকাজীয়ে ফোন কৰিলে যে শিৱসাগৰত আই ড'নেশ্বন আছে বুলি । শিৱসাগৰত আই ড'নেশ্বন এনেকুৱা বহুখিনি হৈ আছে আৰু হৈ থাকিব বুলি আশা কৰিছোঁ । কাৰণ খেমকাজী সদায় আমাৰ লগত জড়িত থাকে । কোনোবা এজন লোক ঢুকালে ঘৰৰ কোনোবা এজনে আমাক খবৰ দিলেই হ'ল । ঢুকোৱাৰ ছঘণ্টালৈকে চকু ভালে থাকে । ছঘণ্টাৰ ভিতৰত আহি আমি সংগ্ৰহ কৰোঁ ।"
উল্লেখ্য যে ৭১ বছৰ বয়সত মৃত্যু হোৱা মহিলাগৰeকীৰ অন্ত্যেষ্টিক্ৰিয়া বুধবাৰে শিৱসাগৰ নগৰৰ থানামুখ শান্তিধাম শ্মশানত সম্পন্ন কৰা হ'ব ।
লগতে পঢ়ক :অসম সন্তানৰ সাফল্য: ব্ৰিটেইনৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ জগন্নাথ বিশ্বকৰ্মাই গৱেষণাৰে বিশ্বক দিছে নতুন সমল