হায়দৰাবাদ: কংগ্ৰেছতেই থাকিব দেৱব্ৰত শইকীয়া ৷ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি এই কথা পুনৰ স্পষ্ট কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ তেওঁ কয়, "যিসকলে মোৰ দল সলনি কৰা বা বিজেপিত যোগদান কৰাক লৈ উৰাবাতৰি বিয়পাইছে, তেওঁলোকক মই স্পষ্ট কৰি দিব বিচাৰোঁ যে ১৯৭২ চনৰ পৰাই মই কংগ্ৰেছৰ আদৰ্শৰ সৈতে জড়িত । কংগ্ৰেছৰ প্ৰতি মোৰ এই আনুগত্য চিৰযুগমীয়া আৰু ই কেতিয়াও সলনি নহয় ।"
আনহাতে অসম বিধানসভা নিৰ্বাচনৰ পৰাজয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শইকীয়াই কয়, "নিৰ্বাচনৰ ফলাফলক আমি বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ অন্তৰালৰ কাৰণসমূহ আমি নিশ্চিতভাৱে বিশ্লেষণ কৰিম । এই মুহূৰ্তত দলৰ হাইকমাণ্ডে মোক যি দায়িত্ব অৰ্পণ কৰিব, সেয়া মই এজন নিষ্ঠাৱান কৰ্মী হিচাপে পালন কৰিবলৈ সাজু আছোঁ ।"
তেওঁ কংগ্ৰেছ দলৰ স্থিতিৰ সন্দৰ্ভত কয়, "শাসকীয় দলৰ বিৰুদ্ধে আমাৰ মাত সদায় সৱল হৈ থাকিব । চৰকাৰৰ দুৰ্নীতি, বিশেষকৈ পানী যোগান আঁচনিৰ কেলেংকাৰী আৰু বিজেপিৰ তথাকথিত 'ৱাছিং মেচিন' ৰাজনীতিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব । ৰাইজৰ স্বাৰ্থত এক সৱল বিৰোধী হিচাপে আমাৰ দায়িত্ব আমি নিষ্ঠাৰে পালন কৰি যাম ।"
লগতে পঢ়ক : মোৰ বিৰুদ্ধে শাসকীয় পক্ষই চলোৱা অপপ্ৰচাৰ অত্যন্ত দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া
সাধাৰণ ৰাইজে বিজেপিক ভোট দিয়া নাই : এগজিট প’লৰ সমীক্ষাক অস্বীকাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ
আমাৰ দলত থকা চিপৰাংবোৰ বিজেপিয়ে লৈ গ'ল: দেৱব্ৰত শইকীয়া