Surprise Me!

উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, ৩ জনৰ মৃত্যু

2026-05-28 5 Dailymotion

আমিনগাঁও: উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৩ জন লোকৰ মৃত্যু হয় । বিলাসী বাহনখনত অহা দুজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজনক সংকটজনক অৱস্থাত আমিনগাঁৱৰ পাটনা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত তেওঁৰ মৃত্যু হয় । বাহনখন মালিগাঁৱৰ দিশৰ পৰা গৈ আছিল । আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত নিহত তিনিওগৰাকী লোক মালিগাঁও অঞ্চলৰ পৰিচিত লোক আছিল ।

নিহতসকল ক্ৰমে কৰুণা বেজবৰুৱা, ৰঞ্জিত দে' আৰু পাৰ্থ প্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে এএছ-০১-ডিচি-৩১৪১ আৰু আনখন বাহনৰ নম্বৰ এএছ-০১-জিপি-৯৯৪০ । পুৱা ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে এইমছ গুৱাহাটীলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত নিহত এজনৰ আত্মীয়ই কয়, "নিহত তিনিওজন বন্ধু আছিল । এজন মোৰ মামা । তেওঁলোকে নিশা কিবা কামৰ বাবে ওলাই আহিছিল । ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি আছিল । কিন্তু কি পৰিস্থিতিত দুৰ্ঘটনাটো হ'ল সেয়া ক'ব নোৱাৰোঁ ।"

লগতে পঢ়ক :

মালিকহন্তা ৰামপ্ৰসাদৰ আক্ৰমণত এইবাৰ মাউতৰ মৃত্যু