Surprise Me!

শীঘ্ৰে নিয়ন্ত্ৰণলৈ আহিব অত্যাৱশকীয় সামগ্ৰীৰ মূল্য: কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

2026-05-30 0 Dailymotion

যোৰহাট : শনিবাৰে কেন্দুগুৰি বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ব'হাগী উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ জুবিন গাৰ্গৰ সৈতে যোৰহাটত কটোৱা সময়ৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঠাইলৈ জুবিন গাৰ্গৰ লগত বহু বাৰ আহিছো ৷

ইফালে ৰাজ্যত হোৱা আকাশংলঘী মূল্যবৃদ্ধিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,"একে সময়তে চলি থকা দুই তিনিখন যুদ্ধ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ঘটনা,পৰিঘটনা আৰু সমান্তৰালভাৱে ইন্ধনৰ যি যোগান সমগ্ৰ বিশ্বতে ব্যাহত হৈ পৰিছে ৷ গতিকে অসম বা ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বয়ে মুল্যবৃদ্ধি হৈছে ৷"

তেওঁ লগতে কয়,"বহু ৰাষ্ট্ৰৰ তুলনাত আমাৰ ভাৰতবৰ্ষ অৰ্থনীতি যথেষ্ট নিয়ন্ত্ৰিত হৈ আছে । বিভিন্ন ৰাষ্ট্ৰত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে ইন্ধনৰ যোগান সীমিত হোৱাৰ বাবে ৷ আমাৰ বহু অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে কিন্তু সেয়া নিয়ন্ত্ৰণতে আছে আৰু আমি ভাৱো কিছুদিনৰ পিছতে সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিব ৷"

লগতে পঢ়ক :মিচিংসকলৰ লোক উৎসৱ দবুৰ পূজা কি জানেনে ?