নলবাৰী: সোমবাৰে নলবাৰীৰ চামতাৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত অসম জাতীয় পৰিষদৰ এটা সজাতি দল । সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত উপস্থিত হোৱা দলটোৱে শোকসন্ত্বপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়াল আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ।মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডক গৰিহণা দি এই ঘটনাই শেষ ঘটনা হোৱাৰ কামনা কৰে অসম জাতীয় পৰিষদৰ দলটোৱে ।
মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডত আৰু জৰিত লোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাই অজাপ নেতা গগৈয়ে । আনহাতে গুৱাহাটীত অসমীয়া গ' বেক ধ্বনি দিয়া ঘটনাক সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয়,"অসমৰ খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে ৷ সেইবাবে অনা অসমীয়াই অসমীয়া মূৰ্দাবাদ দিবলৈ সাহস কৰিছে ৷ জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ বিষয়টো ৰাজনৈতিক ভাষণ হ'লেই নহ'ব, ইয়াক কাৰ্যকাৰী কৰিব লাগিব । চৰকাৰে খিলঞ্জীয়াৰ নিৰপত্তা প্ৰদান কৰিব লাগে ৷"
লগতে পঢ়ক:'কুণ্ডিল সেনা'ক নিষিদ্ধ ঘোষণা চুতীয়া জনগোষ্ঠীৰ