Surprise Me!

ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা

2026-06-11 11 Dailymotion

ডিব্ৰুগড়: দেশৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ খেলুৱৈৰ সফলতা অব্যাহত আছে । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিলে অসমৰ বিশেষভাৱে সক্ষম খেলুৱৈয়ে । মৰাণৰ বিশেষভাৱে সক্ষম অমৰ চাওৰাই গুজৰাটত অনুষ্ঠিত পাফি ৰাষ্ট্ৰীয় পেৰা পাঞ্জা চেম্পিয়নশ্বিপত ২০২৬ত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । এই প্ৰতিযোগিতাত অসমৰ পৰা ৮৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল যদিও অমৰে ৬৫ কেজি শাখাত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়া চাওৰা লাইনৰ বাসিন্দা অমৰ চাওৰাই বিগত ৪ বছৰ ধৰি মৰাণৰ অৰুণোদয় সংঘত অনুশীলন চলাই থকাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে ৷ প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰুৱাৰ তত্বাৱধানত গুজৰাটৰ এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকী । খেলুৱৈ গৰাকীৰ এই সফলতাক লৈ প্ৰশিক্ষক গৰাকীয়ে কয়, "অসমৰ পৰা ৮৫ গৰাকীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও অমৰ চাওৰাই দুটাকৈ সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ।"‌

লগতে পঢ়ক :

চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ জয়লাভ