Surprise Me!

ড্ৰাগছসহ কলিয়াবৰ আৰক্ষীৰ জালত যাত্ৰীৰূপে অহা দুই সৰবৰাহকাৰী

2026-06-11 0 Dailymotion

কলিয়াবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ শেহতীয়াকৈ কলিয়াবৰৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰে ।

কলিয়াবৰৰ বাগৰি আৰক্ষী টহলদাৰী চকীৰ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, এক গোপন খবৰৰ আলমতে, আৰক্ষীৰ এটা দলে বুধবাৰে বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় ৷ 

এই অভিযানত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে আঠটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ । বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাহনত তালাচী চলাই যাত্ৰী হিচাপে যোৱো দুই যুৱকৰ পৰা সন্দেহজনক ড্ৰাগছভৰ্তি ৮টা কণ্টেইনাৰ উদ্ধাৰ কৰা হয় । 

এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, ‘‘দুই যুৱকে বিক্ৰী কৰিবৰ বাবে আনিছিল সন্দেহজনক ড্ৰাগছভৰ্তি কণ্টেইনাৰকেইটা । ধৃত দুই যুৱক ক্ৰমে নজানৰ ৰফিকুল আলী আৰু হুছেইন আলী । অধিক তথ্যৰ বাবে বাগৰি আৰক্ষীয়ে দুই যুৱকক জেৰা অব্যাহত ৰাখিছে ।’’

লগতে পঢ়ক : কোটি টকাৰ হেৰ’ইনসহ আটক দুই সৰবাহকাৰী