Surprise Me!

বৰপেটাৰ সুন্দৰীদিয়াত যক্ষ্মা দূৰীকৰণ অভিযান: ৰোগ পৰীক্ষা কেন্দ্ৰৰ শুভাৰম্ভ

2026-06-12 3 Dailymotion

বৰপেটা: প্ৰধানমন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত লক্ষ্যৰ অংশ হিচাপে চলি থকা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি (National Tuberculosis Elimination Programme - NTEP)ৰ অধীনস্থ ১০০ দিনীয়া যক্ষ্মা দূৰীকৰণ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে শুকুৰবাৰে বৰপেটা জিলাৰ সুন্দৰীদিয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ (আয়ুষ্মান আৰোগ্য মন্দিৰ)ত এটা যক্ষ্মা ৰোগ পৰীক্ষা কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় । 

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন চন্দ্ৰ বৰাই জনায়, "যোৱা ২৪ মাৰ্চৰ পৰা এই বিশেষ অভিযান আৰম্ভ কৰা হৈছে । বৰপেটা জিলাৰ মুঠ ১৬১ খন গাঁও এই অভিযানৰ আওতালৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইতিমধ্যে ৭২ খন গাঁৱত এই শিবিৰ সফলভাৱে সম্পন্ন কৰা হৈছে ।"

ডাঃ বৰাই লগতে কয়, "বৰপেটা জিলাত বৰ্তমান ১,০০১ জন যক্ষ্মা ৰোগী আছে । এইসকল ৰোগীয়ে চৰকাৰৰ পৰা বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰাৰ উপৰি বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে আৰ্থিক সহায় লাভ কৰি আছে ।"

অনুষ্ঠানত উপস্থিত থকা বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসে ভাৰত চৰকাৰৰ এই গুৰুত্বপূৰ্ণ জনস্বাস্থ্য আঁচনিক বিশেষভাৱে শলাগ জনাই যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু সহযোগী হ’বলৈ আহ্বান জনায় ।

উল্লেখ্য যে এই কাৰ্যসূচী জিলা যক্ষ্মা কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত আয়োজন কৰা হয় ।

লগতে পঢ়ক :গুৱাহাটীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন