Surprise Me!

জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ

2026-06-13 0 Dailymotion

জোনাই : শুকুৰবাৰে জোনাইৰ বনবিভাগে পৃথক পৃথক অঞ্চলৰ পৰা দুডাল সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱাই বিজয়পুৰ গাঁও আৰু জোনাই আৰক্ষী থানাৰ চৌহদৰ পৰা সাপ উদ্ধাৰ কৰে বনবিভাগৰ কৰ্মচাৰীসকলে ৷ পৰৱৰ্তী সময়ত বনকৰ্মীয়ে নিৰাপদে পবা বনাঞ্চলৰ লেকু বীটখণ্ডত মুকলি কৰি দিয়ে উদ্ধাৰ কৰা দুয়োডাল সাপ ।

বনবিভাগৰ বিষয়াই কয়,"বাৰিষাৰ সময়ত সচৰাচৰ সাপৰ বিচৰণ বৃদ্ধি পায় আৰু খাদ্যৰ সন্ধানত বা আশ্ৰয় বিচাৰি বহু সময়ত জনবসতি অঞ্চলতো প্ৰৱেশ কৰে । এনে পৰিস্থিতিত সাপ দেখিলে ৰাইজ আতংকিত নোহোৱাকৈ সংযম অৱলম্বন কৰি জোনাই বন বিভাগক অৱগত কৰিব ৷ লগতে সাপ দেখাৰ লগে লগে কোনো ধৰণৰ ক্ষতি নকৰি সাপসমূহক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি প্ৰাকৃতিক বাসস্থানত এৰি দিয়াত সহযোগ কৰিব ৷"

লগতে পঢ়ক:অসমত বন্ধ হৈ পৰিব আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া? কি ক'লে মুখ্য়মন্ত্ৰীয়ে