তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দৈনিক বজাৰত দেওবাৰে পুৱা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । পুৱা প্ৰায় ৬ বজাত দৈনিক বজাৰৰ চৌধুৰী মাৰ্কেটৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত দোকানত থকা ফটকা বিস্ফোৰণৰ পৰা অগ্নিকাণ্ডই আৰু অধিক বিধ্বংসীৰ ৰূপ লয় ৷ স্থানীয় লোকে লগে লগে ঘটনা সন্দৰ্ভত প্ৰশাসনক অৱগত কৰাত ঘটনাস্থলীত ডুমডুমা আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় ৷
অগ্নিনিৰ্বাপক বাহিনীৰ ৫ খনতকৈ অধিক বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও পুৱা প্ৰায় ১০ বজালৈকে জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই । অগ্নিকাণ্ডত দৈনিক বজাৰৰ প্ৰায় ৫ খনতকৈ অধিক দোকান ভস্মীভূত হয় ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷
লগতে পঢ়ক : পুৱতি নিশা দিল্লীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে কমেও তিনিজনে
আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, সাতজন শ্ৰমিকৰ মৃত্যু
দিল্লী অগ্নিকাণ্ড: বিগত ৬ বছৰত অগ্নিকাণ্ডজনিত দুৰ্ঘটনাত ৫৪৩ জন লোকৰ প্ৰাণহানি