Surprise Me!

ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন

2026-06-14 4 Dailymotion

ডিব্ৰুগড় : দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুটা পিষ্টল আৰু এটা মেগজিন উদ্ধাৰ হৈছে । ৰে'লৱে ট্ৰেকৰ কাষত কোনো অজ্ঞাত লোকে অস্ত্ৰ দুটা পেলাই থৈ যোৱা বুলি ৰে’লৱে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ৰে'লৱে আৰক্ষী আৰু অসম আৰক্ষীৰ দল উপস্থিত হৈ অস্ত্ৰকেইটা জব্দ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । পিষ্টলকেইটা ক'ৰ পৰা আহিল আৰু কোনে পেলাই থৈ গ'ল সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই ঘটনা পোহৰলৈ অহা পাছতে এতিয়া ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ।

সমগ্ৰ ঘটনাক লৈ স্থানীয় এজন‌ ব্যক্তিয়ে কয়, "ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'ল ষ্টেচনৰ সমীপত দুটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা বিষয়টো উদ্বেগজনক বিষয় । ৰে'ল আৰক্ষীৰ নিয়মিত তালাচীৰ সময়ত পৰি থকা এটা বেগ খুলি চাওঁতে এই পিষ্টল দুটা উদ্ধাৰ হয় । মেইড ইন ইটালী লিখা আছে পিষ্টল দুটাত আৰু এটা মেগাজিন উদ্ধাৰ হৈছে । এই ঘটনাক সঠিক তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছো । কিয়নো আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ক'ৰ পৰা কোনে কি উদ্দেশ্যেৰে পিষ্টল দুটা পেলাই গৈছে ৷"

লগতে পঢ়ক : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ, গছ কটা যুৱকক বিহিলে শাস্তি