Surprise Me!

ৰাজ্য়ৰ দ্বিতীয় ৰাজধানীত প্ৰশাসনৰ উচ্ছেদ অভিযান; ৬০টাৰো অধিক ঘৰত পৰিল প্ৰশাসন হাঁতোৰা

2026-06-16 2 Dailymotion

ডিব্ৰুগড় : প্ৰায় ৯ বিঘা ব্ৰহ্মপুত্ৰৰ পাৰৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত সোমবাৰে এক উচ্ছেদ অভিযান চলায় ।‌ মহানগৰখনৰ পল্টন বজাৰস্থিত মুখ‍্যমন্ত্ৰীৰ সচিবালয়ৰ পাছফালে জিলা প্ৰশাসনে এই অভিযান চলায় । এই অভিযানত বহু বছৰ ধৰি অবৈধভাৱে বাস কৰা প্ৰায় ৬০ টাৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হয় ৷ উচ্ছেদিত অধিকাংশ লোকেই হিন্দী ভাষী বিহাৰী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ।

এই লোকসকলক উক্ত স্থান খালী কৰিবলৈ জিলা প্ৰশাসনে বহুবাৰ জাননি জাৰি কৰিছিল যদিও তেওঁলোকে আঁতৰি যোৱা নাছিল । ফলত আদালতৰ নিৰ্দেশনা মানি সোমবাৰে জিলা প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলায় । 

এই অভিযান কাৰ্যসূচীক লৈ এগৰাকী প্ৰশাসনিক বিষয়াই কয়, "মহামান্য আদালতৰ নিৰ্দেশ অনুসৰি উচ্ছেদ কৰা হৈছে । ২০২২ বৰ্ষৰ এক গোচৰৰ ভিত্তিত আজি এই উচ্ছেদ চলোৱা হৈছে । শান্তিপূৰ্ণভাৱে হৈছে উচ্ছেদ অভিযান । উচ্ছেদ সম্পূৰ্ণ হোৱা পাছতেই এই ভূমি চৰকাৰে লাভ কৰিব ৷"

লগতে পঢ়ক : এইবাৰ বেদখলকাৰীৰ কবলত খোৰাগাঁও সংৰক্ষিত বনাঞ্চল !