বৰপেটা: "বাৰ্ধক্যক জয় কৰাৰ বাবে প্ৰতিদিনে তুলসী খাওক ৷ প্ৰতি মাহে এটাকৈ তুলসী পাত বঢ়াই গৈ থাকি প্ৰতিদিনে পুৱা তুলসীৰ পাত চোবালে মানুহৰ জীৱনলৈ কেতিয়াও বাৰ্ধক্য নাহে ।" এই মন্তব্য় অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ৷
বৰপেটাত বিজেপিৰ জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্রৰ সহযোগত প্রাকৃতিক আৰু জৈৱিক খেতিৰ ওপৰত জিলা ভিত্তিত অনুষ্ঠিত কৃষক কর্মশালা এখনত অংশগ্ৰহণ কৰি তেওঁ এইদৰে পৰামৰ্শ আগবঢ়ায় ৷ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয়,"প্ৰতিগৰাকী কৃষকক আগবঢ়াই নিয়াৰ বাবে নিৰলস প্ৰক্ৰিয়া চলি আছে ৷ ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব ৷ ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কৃষকে গুণগত উৎপাদন বঢ়াব লাগিব, উদ্যোগীসকলে ঔদ্যোগীকৰণ কৰিব লাগিব । চিকিৎসকে চিকিৎসাৰ মান উন্নত কৰিব লাগিব ৷"
ভাৰতবৰ্ষক ২০৪৭ বৰ্ষৰ ভিতৰত আত্মনিৰ্ভৰ কৰাৰ সংকল্পৰে সমগ্ৰ দেশতে এনে কৰ্মশালাৰ আয়োজন চলি আছে বুলি উল্লেখ কৰি তেওঁ কয়,"অসমৰ কৃষি আৰু কৃষকক আগবঢ়াই নিব নোৱাৰিলে অসমখনক আগুৱাই নিব পৰা নাযাব ৷" কৃষিৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচনি সম্পৰ্কতো মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷
আনহাতে খেতিত অত্যধিক সাৰ,কীটনাশক আদি ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক খেতি কৰিবলৈ আহ্বান জনায় অধ্য়ক্ষগৰাকীয়ে ৷ বিশেষকৈ সকলো পৰিয়ালক নিজৰ প্ৰয়োজনীয় পাচলিৰ খেতি কৰাৰ আহ্বান জনায় ৷ আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্য়ৰে কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে অত্যধিক সাৰ প্ৰয়োগ দেশদ্ৰোহিতা বুলিও মন্তব্য় কৰে ৰণজিৎ কুমাৰ দাসে ৷
লগতে পঢ়ক:তিনি বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়-বাঘ চিকাৰৰ ঘটনা শূন্য
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২৩ সংখ্যক ওপজা দিন