Surprise Me!

যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন

2026-06-18 2 Dailymotion

জনীয়া : বৰপেটা জিলা প্ৰশাসন এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে । কলগাছিয়াত অবৈধভাৱে পদপথ দখল কৰা ব্যৱসায়ী তথা লোকৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।

ইতিমধ্যে পথৰ জৰীপ কৰি প্ৰশাসনে বেদখলকৃত ভূমি চিনাক্ত কৰিছে । অভিযোগ অনুসৰি কলগাছিয়া চাৰিআলিৰ পৰা লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলালৈ যোৱা চৰকাৰী পথৰ উত্তৰ অংশৰ পদপথ একাংশ লোকে দীৰ্ঘদিন ধৰি বেদখল কৰি আহিছে । ফলত চহৰখনত প্ৰায়ে তীব্ৰ যানজঁটৰ সৃষ্টি হৈ আহিছে । 

এই সমস্যা সমাধানৰ বাবে যোৱা ৩ জুনত প্ৰশাসনে এই অবৈধ প্ৰতিষ্ঠানসমূহ আঁতৰাবলৈ জাননী জাৰি কৰে আৰু এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে ।

ইফালে নিৰ্ধাৰিত সময়সীমা পাৰ হৈ যোৱাৰ পিছতো একাংশই নিজৰ প্ৰতিষ্ঠানসমূহ আঁতৰাই নিদিয়াত বৃহস্পতিবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত এটা দলে চৰকাৰী পথৰ জৰীপ কৰে আৰু বেদখল হৈ থকা ভূমি চিহ্নিত কৰে । 

এই সন্দৰ্ভত চক্ৰ বিষয়াগৰাকীয়ে কয়, "বহুতো ব্যৱসায়ীয়ে গমে নাপাই যে তেওঁলোকে চৰকাৰী মাটিত বহি আছে । পথৰ কাষৰ সংৰক্ষিত ভূমি বুলি আজি চিহ্নিত কৰা হৈছে । এই পথেৰেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ওলাই আহে । সেয়ে যাতে যানজঁটৰ সৃষ্টি নহয় তাৰ বাবে এয়া কৰা হৈছে । জিলা আয়ুক্তক ইয়াৰ প্ৰতিবেদন দিম । যি নিৰ্দেশনা আহে, সেই অনুসৰি কাম কৰিম ।"

লগতে পঢ়ক :

পথ-পোহৰ-পানীৰ সমস্যা দূৰ কৰিবলৈ কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত