তিনিচুকীয়া: এগৰাকী বিজেপি সমৰ্থক । সমৰ্থকগৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমৰ সমীপৱৰ্তী বৰহাপজানৰ পৰা পদযাত্ৰা আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক ৰাজেশ মহাননে ।
কেৱল পদযাত্ৰাই নহয়, সমগ্ৰ শৰীৰত অংকিত কৰি ল'লে বিজেপিৰ শীৰ্ষ নেতাসকলৰ টাটু ।
ৰাজেশ মহাননে জানিবলৈ দিয়া মতে, ২০২২ চনৰ পৰা ২০২৬ চনলৈকে তেওঁ দেশৰ ১৮ খন ৰাজ্য ভ্ৰমণ কৰি বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই আহিছে ।
এই দীৰ্ঘ ভ্ৰমণৰ সময়ছোৱাত দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল । সেই সময়তে ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত গুৱাহাটীত আহি সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁক আহ্বান জনাইছিল বুলি ৰাজেশ মহাননে উল্লেখ কৰে । এতিয়া মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই পদযাত্ৰা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক: যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন, পথৰ বাবেই বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে
গণেশগুৰি উৰণ সেতুৰ তলত নতুন ৰূপত জিলিকিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ