Surprise Me!

বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...

2026-06-19 0 Dailymotion

গোলাঘাট :কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যু গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বকিয়াল ন-পামৰ এজন যুৱক । ঘটনাৰ বিৱৰণি অনুসৰি, উত্তৰাখণ্ডত কাম কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল গোলাঘাটৰ গুণীন্দ্ৰ শইকীয়া নামৰ যুৱকজন ৷ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত গুণীন্দ্ৰ শইকীয়া নামৰ যুৱকজনৰ মৃত্যু হৈছে ৷

ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ বহিঃৰাজ্যত মৃত্যু হোৱাত অসহায় হৈ পৰিছে পিতৃ-মাতৃ । 

ইফালে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে দিল্লীৰ পৰা পুত্ৰৰ নশ্বৰদেহ আনিবলৈ অসমৰ্থ, সেয়ে মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়কগৰাকীলৈ‌ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে কাতৰ আহ্বান জনাইছে পুত্ৰৰ নশ্বৰদেহ আনি দিবলৈ ।

ঘটনাৰ সন্দৰ্ভত মাতৃয়ে কয়,"কামলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পাছলৈ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যায় আৰু তাতেই মৃত্যু হৈছে । দিল্লীৰ পৰা পুত্ৰৰ মৃতদেহ আনিবলৈ আমি অসমৰ্থ ৷ সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক মৃণাল শইকীয়াই মৃতদেহটো অনাৰ ব্যৱস্থা কৰি দিয়ে যেন ৷"

লগতে পঢ়ক:যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন, পথৰ বাবেই বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে