জোনাই : ১ জুলাইৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই সমজিলাৰ মূৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ চৌহদত অনুষ্ঠিত হ’ব মিচিং জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাং চমুকৈ টিএমপিকেৰ ১৭ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ৷ বৃহস্পতিবাৰে টিএমপিকেৰ সভাপতি তিলক দলেয়ে এই কথা জানিবলৈ দিয়ে ৷
২১ জুনত অভ্যৰ্থনা সমিতি গঠনৰ বাবে ৰাজহুৱা সভাৰ লগতে অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ লগতে অভ্যৰ্থনা সমিতি গঠন কৰিব ৷ অধিৱেশনত মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীলৈ উন্নীতকৰণৰ প্ৰস্তাৱ আগবঢ়াই নিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে মধ্যস্থতাকাৰী নিযুক্তি দিয়া বিষয়ে অধিৱেশনত আলোচনাৰ বিষয় হ'ব বুলি দলেয়ে উল্লেখ কৰে ৷
তেওঁ লগতে কয়,"মিচিং জাতিক বুজাবলৈ ভাৰতৰ সংবিধানত লিপিবদ্ধ ‘মিৰি’ৰ ঠাইত ‘মিচিং’ শব্দ সংযোজন কৰা, ভূমি পট্টা প্ৰদান কৰা, লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপন সম্পূৰ্ণ কৰা আৰু ৰাজ্য চৰকাৰে ২০০ খন মিচিং মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা শিক্ষক নিযুক্তি দিয়া আদি অমীমাংসিত বিষয়বোৰ ওপৰত অধিৱেশনত বিশদভাৱে আলোচনা কৰা হ’ব ৷"