Surprise Me!

এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ

2026-06-20 0 Dailymotion

যোৰহাট : এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে দুই ছাত্ৰক গুৰুলা গুৰুলকৈ শিক্ষকে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ 

ঘটনা অনুসৰি, তিতাবৰৰ পিএম শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে শিক্ষকে দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। 

নিৰ্দয়ভাবে দুই ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ শিক্ষক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে ৷

স্থানীয় কেইবাটাও দল-সংগঠন একত্ৰিত হৈ অভিযুক্ত শিক্ষকক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । 

অভিযুক্ত শিক্ষকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ভুক্তভোগী দুই ছাত্ৰ পৰিয়ালৰ লগতে দল-সংগঠনে । 

ইফালে দুয়ো ছাত্রৰ দেহত শিক্ষক জনে প্ৰহাৰ কৰা চিন স্পষ্ট হৈ আছে ৷ ইফালে দুয়ো ছাত্ৰক চিকিৎসালয়ত ভৰ্তি কৰাই শিক্ষক জনে উক্ত স্থানৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক :আৰক্ষীৰ জালত অৰুণাচলৰ এণ্টি ড্ৰাগ ৱাৰিয়ৰৰ সভাপতি গোমিন মিজে